মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ৰূপান্তৰণ আৰু উন্নয়ন বিভাগ ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰন আয়োগ

ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰন আয়োগৰ কাৰ্য্যকলাপ

ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰন আয়োগৰ ভূমিকা আৰু কাৰ্যকলাপ

১) ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ কাৰ্যকলাপসমূহ –

  1. অসম ৰাজ্যৰ ভিতৰত কেন্দ্ৰীয় আৰু ৰাজ্যিক সকলো চৰকাৰী আঁচনিৰে প্ৰভাৱ তথা ৰূপায়ণৰ ধৰণসমূহ নতুন তথ্য প্ৰযুক্তিবিদ্যা/GPS আৰু অন্যান্য কৌশল তথা আধুনিক অৰ্থনৈতিক বিশ্লেষণৰ জৰিয়তে মূল্যায়ন আৰু পৰিযবেক্ষণ কৰা।
  2. অসম ৰাজ্যৰ ভিতৰত, ৰাজ্য চৰকাৰ আৰু তাৰ পাছৰ তৰপীয়া প্ৰশাসন যেনে- পঞ্চায়তীৰাজ সংস্থা, স্বায়ত্ত শাসিত পৰিষদ, স্থানীয় পৰিষদ আৰু বিভিন্ন সম্প্ৰদায়ৰ উন্নয়নৰ বাবে সৃষ্ট পৰিষদসমূহৰ মাজত কাৰ্য আৰু দায়িত্বৰ বিভাজনৰ লগতে সমন্বয়ৰ ক্ষেত্ৰসমূহৰ বাবে পথ প্ৰদৰ্শন কৰা/পৰামৰ্শ দিয়া।
  3. অসম ৰাজ্যৰ বিত্তীয় আৰু বেংকিং খণ্ডৰ বিত্তীয় সম্পদসমূহৰ ঋণৰ প্ৰবাহ তথা ব্যৱসথাপনাত উন্নতি সাধনৰ বাবে বিশ্লেষণ কৰাৰ পৰামৰ্শ দিয়া।
  4. প্ৰগতিৰ অগ্ৰাধিকাৰ আৰু প্ৰয়োজনীয়তাসমূহৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰক পৰামৰ্শ দিয়াৰ লগতে (a) এই অগ্ৰাধিকাৰসমূহ চিনাক্তকৰণ (b) অগ্ৰাধিকাৰসমূহ ৰূপায়ণত ৰাজ্য চৰকাৰৰ সকলো বিভাগৰ সৈতে সমন্বয় ৰক্ষা কৰাৰ ক্ষেত্ৰত নীতি নিৰ্দেশনাসমূহৰ পৰামৰ্শ দিয়া। এই ক্ষেত্ৰত ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগক বহনক্ষম উন্নয়ন লক্ষ্য আৰু অসম ৰাজ্যিক বীক্ষণ ভিত্তিত পৰামৰ্শ দিয়া উচিত।
  5. বিভিন্ন সমস্যাসমূহৰ ওপৰত বিত্ত অধ্যয়ন/প্ৰতিবেদন দাখিল কৰা আৰু পৰামৰ্শদাতাক নিয়োগ কৰাৰ লগতে এনে অধ্যয়নৰ নিৰ্দেশনাসমূহ সংশ্লিষ্ট বিভাগৰ দ্বাৰা ৰূপাংকন সুনিশ্চিত কৰা।
  6. প্ৰায়োগকি সুসাধ্যতা আৰু সম্ভৱপৰ অধ্যয়ন পৰিচালনা আৰু সমন্বয় কৰা আৰু (a) অসম ৰাজ্যৰ ৰুগীয়া উদ্যোগসমূহৰ পুনৰুত্থান, (b) মেক ইন আছাম আৰু এক্ট ইষ্ট পলিচীৰ সৈতে একে শাৰীতে ঔদ্যোগিক তথা আন্তঃগাঁথনি উন্নয়ন, (c) চাহ উদ্যোগৰ পুনৰুত্থান, (d) অসম চুক্তিৰ ভিতৰত উন্নয়নৰ সমস্যা আৰু (e) নদী জল সম্পদসমূহৰ ব্যৱস্থাপনা আৰু উন্নয়নৰ দৰে গুৰুতৰ সমস্যাসমূহৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰক পৰামৰ্শ দিয়ে।
  7. আয়োগলৈ তলব কৰি পঠিওৱা যিকোনো সমস্যাৰ ক্ষেত্ৰত চৰকাৰক পৰামৰ্শ দিয়া।

২) ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰণ আয়োগৰ ভূমিকা – (SITA)

  1. )ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ উপাধ্যক্ষই যি কোনো বিভাগৰে যিকোনো বিষয়াকে তলব কৰিব পাৰে আৰু ওপৰোক্ত কাৰ্যাৱলীসমূহৰ সৈতে জড়িত যিকোনো বি,য়ে আলোচনা কৰিব পাৰে।
  2. ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ উপাধ্যক্ষগৰাকীক ওপৰোক্ত দায়িত্বসমূহ পালন কৰিবলৈ সক্ষম হোৱাৰ ক্ষেত্ৰত উপযুক্ত ৰাজ্যিক কমিটী আৰু ব’ৰ্ডসমূহে যুক্তিযুক্ত সামৰ্থ্য অনুযায়ী সহযোগিতা আগবঢ়োৱা উচিত।
  3. ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ উপাধ্যক্ষগৰাকী যথাযোগ্যভাৱে NEC আৰু নিটিৰ সৈতে সহযোগী হৈ থাকিব পাৰে