মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ৰূপান্তৰণ আৰু উন্নয়ন বিভাগ ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰন আয়োগ

ভাৰত-বাংলদেশৰ অষ্টম মৈত্ৰী সন্মিলনৰ প্ৰতিবেদন

প্ৰথম দিন

            ভাৰত আৰু বাংলাদেশৰ মাজত দ্বিপাক্ষিক বান্ধোন অধিক সমৃদ্ধ কৰি ২ জুলাই তাৰিখে গুৱাহাটীত, অষ্টম মৈত্ৰী সন্মিলন অনুষ্ঠিত হৈ যায়। উদ্বোধনী অনুষ্ঠানত বাংলাদেশৰ সন্মানীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী মহম্মদ শ্বাহাৰিয়াৰ আলম, ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী এম.জে. আকবৰ ডাঙৰীয়া, অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, ইণ্ডিয়া ফাউণ্ডেশ্যনৰ সঞ্চালক কেপ্টেইন আলোক বানচাল, অসম চৰকাৰৰ ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ উপ-সভাপতি শ্ৰী দীপক কুমাৰ বৰঠাকুৰ, মৌলানা আবুল কালাম আজাদ ইনষ্টিটিউট অব এছিয়ান ষ্টাডিজ (MAKAIAS) ৰ সঞ্চালক ড০ শ্ৰীৰাধা দত্ত আৰু বাংলাদেশৰ ৰাষ্ট্ৰীয় সংসদৰ সদস্য শ্ৰী পংকজ দেৱনাথ উপস্থিত থাকি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে। ইয়াৰ উপৰিও অনুষ্ঠানটি বহু সমাদৃত আৰু বিজ্ঞ লোকৰ উপস্থিতিৰ সাক্ষী হৈ ৰয়।

            শ্ৰীবৰঠাকুৰে উদ্বোধনী ভাষণ আগবঢ়াই দুয়োখন দেশৰে উমৈহতীয়া ভাষিক, সাংস্কৃতিক আৰু ইতিহাস প্ৰসিদ্ধ ঐতিহ্যসমূহৰ অৱদানসমূহৰ বিষয়ে সোঁৱৰাই দি কয় যে দেশ দুখনৰ উমৈহতীয়া সমস্যাপূৰ্ণ অতীতে দেশ দুখনক এৰাব নোৱৰা বান্ধোনেৰে বান্ধি ৰাখিছে। ব্ৰহ্মপুত্ৰ নদীয়ে কিদৰে ব্যৱসায় বাণিজ্যৰ উন্নয়নশীল সম্ভাৱনাৰ সৃষ্টি কৰি দুয়োখন দেশলৈ সমৃদ্ধি কঢ়িয়াই আনিব পাৰে তেখেতে তাৰ ওপৰত হেঁচা দি বক্তব্য প্ৰকাশ কৰে।

            কেপ্টেইন আলোক বানচালে গুৱাহাটী সন্মিলনৰ তাত্পৰ্যৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে উত্তৰ পূৰ্বাঞ্চলৰ এই অভূতপূৰ্ব সন্মিলনখনে এক আদৰ্শ সৃষ্টি কৰিছে যে এনে ধৰণৰ অনুষ্ঠানসমূহ কেৱল প্ৰতিষ্ঠিত অঞ্চলসমূহত সীমাবদ্ধ থকা উচিত নহয়, বৰং যিসমূহ অঞ্চলৰ সৈতে বাংলাদেশৰ সীমান্তৰ অবিভাজিত হৈ আছে, সেইসমূহলৈও ই প্ৰসাৰিত হোৱা উচিত।

            সংক্ষিপ্তসাৰ বক্তা এম.জে. আকবৰে দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্কৰ দীঘলীয়া গতিপথৰ বিষয়ে আলোচনা কৰে। তেওঁ সন্মিলনখনৰ শ্লোগান “শংকাহীন নতুন পৃথিৱী” –যি বাক্যাংশ ‘আলদাছ হুক্সলি’ৰ একেই নামৰ উপন্যাস এখনৰ পৰা গ্ৰহণ কৰা হৈছে, ইয়াৰ বিষয়ে ব্যাখ্যা কৰি কয় যে দুয়োখন দেশেই কল্পনা কৰা ধৰণৰ নতুন পৃথিৱীখনক বাস্তৱায়িত কৰাৰ বাবে, দুয়োখন দেশৰ চৰকাৰৰেই সাহস থকাৰ উপৰিও সাৰ্বভৌমত্ব, সমতা আৰু পাৰস্পৰিক আস্থাৰ ভেটিত কাম কৰাটো প্ৰয়োজন হব।

            অন্যগৰাকী সংক্ষিপ্তসাৰ বক্তা মহম্মদ শ্বাহৰিয়াৰ আলমে কয় যে মুনাফাৰ নিৰপেক্ষ ভাগ-বটোৱাৰাৰে দুখন দেশৰ মাজৰ বান্ধোনক সুৰক্ষিত কৰিব পাৰি। সমূহীয়া সমৃদ্ধি লাভৰ বাবে সন্ত্ৰাসবাদ তথা জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুদ্ধ কৰা আৰু বজাৰৰ অভিগম্যতাৰ প্ৰয়োজনীয়তাৰ বিষয়ে তেখেতে ব্যক্ত কৰে।

            অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই সভাপতিৰ মন্তব্যত কিদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উমৈহতীয়া প্ৰগতি আৰু সমৃদ্ধিৰ বাবে পূবলৈ চোৱা নীতিয়ে দেশসমূহৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক গঢ়ি তোলাৰ ক্ষেত্ৰত এক মানদণ্ড নিৰ্দ্ধাৰণ কৰিছে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। এই নীতিৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ প্ৰাপ্তিৰ বাবে চৰকাৰে অবিৰাম প্ৰচেষ্টা চলাই আছে বুলি তেওঁ সুনিশ্চিত কৰে। তেওঁ দাবী কৰে যে এনেধৰণৰ সন্মিলনসমূহত ছাত্ৰ-ছাত্ৰীসকলক জড়িতকৰণে বাদ-বিবাদসমূহ মীমাংসাকৰণ আৰু নীতি প্ৰস্তুতকৰণত সহায়তা কৰে।

            বাংলাদেশৰ ৰাষ্ট্ৰীয় সংসদৰ নেতা শ্ৰীপংকজ দেৱনাথে শলাগৰ শৰাই আগবঢ়ায়। তেওঁ দৃঢ়তাৰে কয় যে বৃহত্ সংযোগ, জ্ঞান তথা কাৰ্য-কুশলতাৰ ভাগ-বটোৱাৰা আৰু কূটনৈতিক সম্পৰ্ক স্থাপনেৰে আমি হাতে হাত ধৰি আগবাঢ়িব পাৰো।

            ইয়াৰ পাছতেই অনুষ্ঠিত হয় এক সংক্ষিপ্ত সাংস্কৃতিক অনুষ্ঠান যত ভাৰত আৰু বাংলাদেশ দুয়োখন দেশৰেই পৰিবেশনকাৰীসকলে জাকজমকীয়া অনুষ্ঠান পৰিৱেশন কৰে।

দ্বিতীয় দিন – প্ৰথম কাৰ্যকৰী বৈঠক

পৰিৱৰ্তিত বিশ্ব ক্ৰম আৰু ভাৰত-বাংলাদেশৰ সম্পৰ্ক

            ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্কসমূহৰ ওপৰত ড০ শ্ৰীৰাধা দত্তই আলোকপাত কৰে। ভূমি-সীমা চুক্তি বিশেষভাৱে এক স্পৰ্শকাতৰ সমস্যা। সন্ত্ৰাসবাদৰ বাবে ভাৰতত বাংলাদেশে যি কৰিছে আমি কল্পনা কৰাতকৈ সেয়া বহুত দূৰৈত। দুয়োখন দেশৰ মাজত ৰামপাল প্ৰকল্প তথা পৰিৱেশ সম্পৰ্কীয় সমস্যাৰ লগত জড়িত বহুতো মতপাৰ্থক্য হৈ আছে।

            দ্বিতীয়গৰাকী বক্তা মনজৰুল ইছলামে ৰাজনৈতিক নেতা কিছুমানৰ দ্বাৰা বিয়পোৱা ঘৃণা, বিদেশী আতংক, ইছলামৰ প্ৰতি আতংক আদি বিষয় টানি আনে আৰু অৰাজকতাৰ সময়ত এইসমূহৰ অৰ্থ উপলব্ধি কৰাটো কিমান অৰ্থপূৰ্ণ তাক ব্যক্ত কৰে। দৰিদ্ৰতা আৰু উপকূলৱৰ্ত্তী নিৰাপত্তা সম্পৰ্কীয় উদ্বিগ্নতাৰ লগতে শক্তি হৈছে বাংলাদেশৰ এটা মুখ্য নিৰাপত্তাজনিত সমস্যা। জনতাই বহুলভাৱে ব্যক্ত কৰিছে যে তেওঁলোকে পৰিৱেশৰ বিনিময়ত কোনো ধৰণৰ উন্নয়নকে অগ্ৰাধিকাৰ নিদিব।

            আলোচক ননী গোপাল মহন্তই দুয়োখন দেশৰ মাজত থকা জ্বলন্ত সমস্যাসমূহ স্পষ্ট কৰে- সীমান্ত পাৰৰ সন্ত্ৰাসবাদ, সীমান্ত সংক্ৰান্তীয় বিবাদ, সীমান্তৰ অবৈধ বাণিজ্য, অবৈধ অনুপ্ৰৱেশ। দুয়োখন দেশৰ মাজত থকা সংস্কৃতি আৰু ইতিহাসৰ গভীৰতাৰ কথা ড০ মহন্তই সোঁৱৰে।

            সাংবাদিক শ্ৰীযুত মঞ্জুৰুল এহচন বুলবুলে বৰ্ণনা কৰে যে কিদৰে প্ৰধানমন্ত্ৰী হাছিনা নিৰ্ভয়ী হৈ পৰিছে আৰু বাংলাদেশৰ উন্নয়ন আৰু প্ৰগতিৰ কাৰণে তেওঁ যি কোনো দূৰত্বলৈ অগ্ৰসৰ হব পাৰে।

            আভ্যন্তৰীণ সমস্যাসমূহৰ বাবে শেহতীয়াভাৱে সম্পৰ্কসমূহ প্ৰভাৱিত হোৱালৈ লক্ষ্য কৰি কেপ্টেইন আলোক বানচালে তেখেতৰ উদ্বিগ্নতা প্ৰকাশ কৰি কয় যে চীনৰ অনুপ্ৰৱেশে ভাৰত-বাংলাদেশৰ সম্পৰ্কক প্ৰভাৱিত কৰিব পাৰে। সন্ত্ৰাসবাদী কাৰ্যকলাপে ৰাষ্ট্ৰীয় সীমা অতিক্ৰমি যোৱা সম্পৰ্কে তেখেতে সঠিকভাৱে কয় যে “প্ৰতিজন মৌলবাদীয়েই এজন এজন সম্ভাৱ্য সন্ত্ৰাসবাদী”। বহুসংখ্যক যুৱক-যুৱতীয়ে আই-এছত যোগদান কৰাৰ পৰিস্থিতিয়ে ইয়াক প্ৰতিৰোধৰ বাবে এটা বিপৰীত পৰিস্থিতিৰ দাবী কৰে। মৌলবাদীসকলক নৰমপন্থীলৈ পৰ্যবসিত কৰাৰ পদ্ধতিগত ব্যৱস্থা এই ক্ষেত্ৰত প্ৰভাৱী পদক্ষেপ হব পাৰে।

দ্বিতীয় কাৰ্যকৰী বৈঠক

            দ্বিতীয় কাৰ্যকৰী বৈঠকখনৰ কেন্দ্ৰীভূত বিষয় আছিল “পাৰস্পৰিক সমৃদ্ধিৰ চালিকা শক্তিসমূহ”। বাংলাদেশস্থ ভূতপূৰ্ব ভাৰতীয় উচ্চায়ুক্ত বীণা চিকৰিয়ে সভাপতিত্ব কৰা সভাখনত সূক্ষ্ম স্থৰ তথা বিশ্বস্থানীয় স্তৰৰ সমস্যাসমূহৰ ওপৰত গুৰুত্ব দিয়া হয়। ঢাকাৰ বি.আৰ.এ.চি. বিশ্ববিদ্যালয়ৰ ড০ আইনুন নিশাত আৰু ইণ্ডিয়া ফাউণ্ডেশ্যনৰ সঞ্চালক শ্ৰীধ্ৰুৱ চি. কটোচ আছিল সভাখনৰ মুখ্য বক্তা। আলোচকসকলৰ ভিতৰত আছিল ঢাকা বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ কাজি খলিকুৰ জামান আহমেদ, এছিয়ান কনফ্লুৱেন্স (Adv.) মহবুব আলী আৰু মৌলানা আবুল কালাম আজাদ ইনষ্টিটিউট অৱ এছিয়ান ষ্টাডিজৰ সঞ্চালক ড০ শ্ৰীৰাধা দত্ত।

            ড০ আইনুন নিশাতে নৌ যোগাযোগ, জল ব্যৱস্থাপনা আৰু জল বিদ্যুত্ উত্পাদন বৃদ্ধিৰ বাবে যুটীয়া প্ৰচেষ্টা প্ৰৱৰ্তনৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দিয়ে। তেওঁ ইয়াকো দৃঢ়তাৰে কয় যে সকলো চৰকাৰী সিদ্ধান্তত স্বচ্ছতাই দুয়োখন দেশৰ জনসাধাৰণৰ মাজত বিশ্বাস আৰু গ্ৰহণযোগ্যতা গঢ়ি তোলাত সহায় কৰিব।

            শ্ৰী ধ্ৰুৱ চি. কটোচে শক্তি নিৰাপত্তা, সীমান্ত পাৰৰ নিৰাপত্তা আৰু দুয়োখন দেশৰ মাজতেই ইতিবাচক পৰিস্থিতি আৰু সদিচ্ছা গঢ়ি তোলাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে ভাৰত-বাংলাদেশ সম্পৰ্কক বিপৰ্যস্ত কৰিব খোজা বিভিন্ন সমস্যাবোৰৰ সৈতে যুদ্ধ কৰিবলৈ দুয়োখন দেশৰেই প্ৰতিৰক্ষা বাহিনী, চোৰাংচোৱা সংস্থাসমূহ আৰু চৰকাৰে সহযোগিতা কৰাৰ লগতে যুটীয়াভাৱে প্ৰচেষ্টা চলাব লাগিব।

            অধ্যাপক ড০ কাজি খুলিকুৰজ্জামান আহমেদ দুয়োখন দেশৰেই স্থানীয় ব্যক্তিসকলৰ জীৱিকা অৰ্জনৰ সুযোগ মুকলি কৰিবলৈ জলপথৰ অনুকূলতম ব্যৱহাৰৰ উপায়সমূহৰ বিষয়ে কয়। তেখেতে যুটীয়া নদী আৰু অৱবাহিকা ব্যৱস্থাপনা আৰু তিস্তা নদীৰ পানী ভাগ-বটোৱাৰা কৰা সম্পৰ্কত মীমাংসাত উপনীত হবৰ বাবে বিশ্ব মানক অৱলম্বন কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে কয়।

            শ্ৰী সব্যসাচী দত্তই দুয়োখন দেশৰ মাজত প্ৰগতি আৰু সমৃদ্ধি অনাৰ ক্ষেত্ৰত পৰ্যটনৰ ভূমিকাৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে পৰ্যটনে অকল ৰাজহ অৰ্জন কৰাই নহয় অঞ্চলটোৰ বাসিন্দাসকলৰ ববে জীৱিকাৰ পথ সৃষ্টি কৰাৰ লগতে ঐক্যবদ্ধ হৈ থকাতো সহায় কৰিব।

            এডভোকেট মহবুব আলীয়ে প্ৰাকৃতিক আৰু খনিজ সম্পদসমূহ অন্বেষণ কৰাৰ নতুন মাৰ্গৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভত বক্তব্য প্ৰদান কৰে। বাংলাদেশৰ বাসিন্দাসকলৰ বাবে ভাৰতীয় ভিজাৰ সহজলভ্যতাৰ বিষয়েও তেওঁ জোৰ দি কয়।

            ড০ শ্ৰীৰাধা দত্তই জল সীমান্তৰ সিপাৰে হোৱা অবৈধ কাৰ্যকলাপসমূহক আটাইতকৈ উল্লেখযোগ্য হিচাপে চিনাক্ত কৰি এইবোৰ প্ৰতিৰোধৰ বাবে ফলপ্ৰসূ কৌশল অৱলম্বনৰ প্ৰয়োজনীয়তাৰ বিষয়ে কয়। তেওঁ সীমান্ত হাটসমূহৰ উন্নয়নৰ ওপৰত জোৰ দি কয় যে এইসমূহে বৈধভাৱে বাণিজ্য চলাই নিয়াত সহায় কৰিব। সীমান্তৱৰ্ত্তী অঞ্চলসমূহত শিক্ষাৰ প্ৰয়োজনীয়তা ওপৰত গুৰুত্ব দি তেখেতে কয় যে জীৱ-জন্তু আৰু মানৱ সৰবৰাহক বাধা দিয়াটো প্ৰয়োজন।

তৃতীয় কাৰ্যকৰী বৈঠক – যোগাযোগ বৃদ্ধি

            তৃতীয়খন বৈঠকত দুয়োখন দেশৰে মাজত যোগাযোগ শক্তিশালী কৰা বিষয়টোও গুৰুত্ব দিয়া হয়।

            ৰাষ্ট্ৰদূত পিনাক চক্ৰৱৰ্ত্তীয়ে লক্ষ্য কৰে যে যোগাযোগ আৰু নিৰাপত্তা ব্যৱস্থাই বাংলাদেশৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰো উন্নয়ন সুনিশ্চিত কৰিব। চাইবাৰজনিত অপৰাধ, অব্যৱহৃত সামুদ্ৰিক সম্পদসমূহ আহৰণ আৰু পুনৰনবীকৰণযোগ্য শক্তিত গুৰুত্ব দি জলবায়ুজনিত সমস্যাসমূহ হ্ৰাস কৰিবৰ বাবে যুটীয়া প্ৰচেষ্টা চলোৱা উচিত।

            সমুদ্ৰ বন্দৰসমূহৰ পৰা উপাৰ্জিত অৰ্থনৈতিক মুনাফাসমূহৰ বিষয়ে ড০ মুৱাজ্জেমে বক্তৃতা দিয়ে। আঞ্চলিক আৰু উপ-আঞ্চলিক পূৰ্বানুমানসমূহে ভাৰত চৰকাৰৰ দ্বাৰা যথাযোগ্য প্ৰাধান্য নোপোৱা কথাটো আলোচনা কৰে। শ্ৰীযুত কৌশেৰ হিলালীয়ে গড় হিচাপত বাংলাদেশী পৰ্যটকসকলক লক্ষ্য কৰি অসমৰ বিশাল পৰ্যটন সম্ভাৱনীয়তাৰ কথা উল্লেখ কৰে।

            অন্য এগৰাকী আলোচক ড০ আইনুন নিশাতে কিদৰে নেভিগেশনে যোগাযোগৰ ক্ষেত্ৰখনক উত্সাহিত কৰিব পাৰে সেই বিষয়ে কয় যদিও আনুসঙ্গিক ব্যয়সমূহৰ মুখামুখি হোৱাটো প্ৰয়োজন। এয়া ব্যয়সাধ্য হলেহে লাভজনক ব্যৱসায় হিচাপে পৰিগণিত হয়। বাংলাদেশী সামগ্ৰীৰ ওপৰত আৰোপ কৰা শুল্ক উন্নত লেনদেনৰ বাবে আকৰ্ষণীয় হোৱা উচিত, যাতে দুয়োখন দেশেই উপকৃত হয়। ৰেলৱে যোগাযোগৰ ক্ষেত্ৰত থকা বিত্তীয় পৰিসৰক কোনেও অৱজ্ঞা কৰিব নোৱাৰে।

            শ্ৰীমতী শুভ্ৰষ্ঠাই কয় যে বাংলাদেশৰ মাজেৰে পথ পৰিবহনে, বহুতো পৰিবহন ব্যয় হ্ৰাস কৰিব পাৰে। হাস্যকৰভাৱে, স্বাধীনতাৰ কেইবা দশক পাছতো এনেধৰণৰ যোগাযোগসমূহ এতিয়াও নতুন। একে সময়তে নিৰাপত্তা আৰু উন্নয়নৰ ক্ষেত্ৰখনত থকা সমস্যাসমূহ সমাধানৰ প্ৰয়োজনীয়তাত গুৰুত্ব দিয়াৰ লগতে বাংলাদেশ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বয়ন আৰু বস্ত্ৰ উদ্যোগক সংযোগীকৰণ কৰাৰ ওপৰত আলোকপাত কৰে। তেখেতে স্পষ্টভাৱে কয় যে দুয়োখন দেশৰ মাজতেই যোগাযোগ ব্যৱস্থাক নবীকৃত গুৰুত্বৰে অন্বেষণ কৰা উচিত।

            ইয়াৰ পিছৰগৰাকী বক্তা ড০ দিলৱাৰ হুছেইনে যোগাযোগ ব্যৱস্থাক এক উন্নয়ন আৰু আলোচনাৰ সাধন হিচাপে বৰ্ণনা কৰে।

তৃতীয় দিন – চতুৰ্থ কাৰ্যকৰী বৈঠক

            এই বৈঠকখনৰ প্ৰসঙ্গ বিষয় আছিল “সু-সম্পৰ্কৰ পৰিপুষ্টতাৰ বাবে দীৰ্ঘম্যাদী তথা অগ্ৰগামী দৃষ্টিযুক্ত কৌশলৰ ৰূপাংকন।”

            ড০ কাজি খলিকুৰজ্জামানে আহমেদে জোৰ দি কয় যে ভাৰতস্থ বহুজাতিক কোম্পানীসমূহে তেওঁলোকৰ বিনিয়োগৰ বাবে বাংলাদেশকো লক্ষ্য কৰি লোৱা উচিত। তেওঁ কয় যে ইয়াৰ ফলত অৰ্থনীতি শক্তিশালী হোৱাৰ লগতে নিয়োগ সৃষ্টি হব। তেওঁ আভ্যন্তৰীণ নিৰাপত্তা সংস্থাসমূহৰ সীমান্তৱৰ্ত্তী চোৰাং কাৰবাৰসমূহৰ সৈতে যুদ্ধ কৰাৰ দায়িত্বৰ বিষয়েও গুৰুত্ব দিয়ে।

            শ্ৰী তৰুণ বিজয়ে অষ্ট পদম – অৰ্থাত্ আঠটা মাইলৰ খুটি ধাৰণাৰ বিষয়ে কয়, যিয়ে দুয়োখন দেশৰে জনসাধাৰণক একত্ৰিত কৰি ৰাখিব। তেওঁ ইয়াকো কয় যে কিদৰে এটা সংশয়হীন আৰু ধৰ্মনিৰপেক্ষ নীতিয়ে ভাল সম্পৰ্কৰ পৰিপুষ্টি যোগান ধৰাত সহায় কৰে। শ্ৰী বিজয়ে আলোচনা কৰে যে কিদৰে দুয়োখন দেশেই শিক্ষা, যোগাযোগ, স্বাস্থ্য যতন আৰু নিৰাপত্তা বলসমূহৰ উন্নয়ন কৰি এক সমৃদ্ধিশালী ভৱিষ্যতৰ অংশীদাৰী হব পাৰে।

            ড০ কে কে. দ্বিৱেদীয়ে ব্যাখ্যা কৰে যে কেনেকৈ বিনিয়োগ আৰু আয় যোৱা বছৰকেইটাত বৃদ্ধি হোৱা দেখা গৈছে আৰু কিদৰে দুয়োখন দেশৰ মাজত আমদানি-ৰপ্তানি বাণিজ্যই দুয়োখন দেশৰ অৰ্থনীতি বৃদ্ধি কৰাত সহায় কৰিছে। তেওঁ লগতে উন্নয়নশীল নিকৰ্ষণ কৌশল, বহনৰ সুবিধাসমূহ আৰু ব্যৱসায়ৰ সুযোগসমূহৰ প্ৰয়োজনীয়তাৰ বিষয়েও উল্লেখ কৰে।

            H.E. (মহামান্য) ছৈয়দ মুৱাজ্জাম আলীয়ে জ্ঞান-ভিত্তিক সমাজ আৰু মানুহৰ মতে মানুহৰ সম্পৰ্ক উন্নয়নৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোচনা কৰে। তেওঁ লগতে উন্নয়নশীল সীমান্তৱৰ্ত্তী অৰ্থনৈতিক মণ্ডলৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

            শ্ৰী আৰ.পি. শৰ্মাই সীমান্তৰ ব্যৱস্থাপনা, সামগ্ৰী পৰিবহন আৰু যোগাযোগ ব্যৱস্থা আৰু সৌহাৰ্দ্যপূৰ্ণ ভাৰত-বাংলাদেশ সম্পৰ্কক আকৃতি দিয়াত ছাত্ৰ-ছাত্ৰীসকলৰ অন্তৰ্ভুক্তিকৰণৰ গুৰুত্বৰ ওপৰত প্ৰাধান্য দিয়ে।

            শ্ৰী শিশিৰ শীলে দুয়োখন দেশৰেই শৈক্ষিক পাঠ্যক্ৰমৰ ভিতৰত ১৯৭১ চনৰ মুক্তিযুদ্ধৰ ইতিহাস আৰু ইয়াত ভাৰতৰ বৰঙণি বিষয়টো অন্তৰ্ভুক্তিকৰণৰ প্ৰয়োজনীয়তাৰ বিষয়ে কয়। তেখেতে কয় যে ইয়াৰ ফলত সদিচ্ছা গঢ়ি উঠাত সহায় হব। তেওঁ এটা যুটীয়া শিক্ষা কাৰ্য দল(টাস্ক ফোৰ্চ) গঢ়ি তোলাৰ প্ৰয়োজনীয়তাক প্ৰাধান্য দিয়ে।

            শ্ৰী বিনোদ বাৱৰিয়ে কয় যে সু-সম্পৰ্কৰ পৰিপুষ্টতাৰ উদ্দেশ্যে দীৰ্ঘম্যাদী আৰু অগ্ৰগামী দৃষ্টিযুক্ত কৌশলৰ বাবে আমি ব্যৱসায়-বাণিজ্য, ভ্ৰমণ, পৰ্যটন আৰু প্ৰযুক্তিবিদ্যাত বৰ্দ্ধন অনাটো প্ৰয়োজন।

বিদায়কালীন বৈঠক –

            ভাৰত-বাংলাদেশ মৈত্ৰী সন্মিলনৰ বিদায়কালীন বৈঠকখন দুয়োখন ৰাষ্ট্ৰৰে ৰাষ্ট্ৰীয় সংগীতেৰে আৰম্ভ হয়। বৈঠকথনত সভাপতিত্ব কৰে ত্ৰিপুৰাৰ সন্মানীয় ৰাজ্যপাল মহামান্য শ্ৰী তথাগতা ৰয়ে। সভাখনৰ মূল সম্বোধন আগবঢ়ায় বাংলাদেশ চৰকাৰৰ বৈদেশিক মন্ত্ৰালয়ৰ সন্মানীয় ৰাজ্যিক মন্ত্ৰী মহম্মদ শ্বাহৰিয়াৰ আলমে, যিয়ে দৰ্শকৰ আগত শেহতীয়া দুয়ো দিনৰ গুৱাহাটী মহানগৰীৰ অপূৰ্ব অভিজ্ঞতা বৰ্ণনা কৰে। সন্মানীয় বক্তা আৰু আলোচকসকলৰ আলোচনাত কিদৰে পৰিৱৰ্তিত বিশ্ব ক্ৰম আৰু ভাৰত-বাংলাদেশ সম্পৰ্ক, পাৰস্পৰিক সমৃদ্ধিৰ চালিকা সক্তি, যোগাযোগ ব্যৱস্থা শক্তিশালীকৰণ, সু-সম্পৰ্কৰ পৰিপুষ্টতাৰ বাবে দীৰ্ঘম্যাদী তথা অগ্ৰগামী দৃষ্টিযুক্ত কৌশলৰ ৰূপায়ণ আদিৰ দৰে বিভিন্ন বিষয়ে স্থান লাভ কৰে, তাক তেওঁ উল্লেখ কৰে। তেওঁ কয় যে ভাৰত-বাংলাদেশৰ সম্পৰ্ক অকল দীৰ্ঘম্যাদী আৰু সময়ৰ দ্বাৰা নিৰীক্ষিতয়ে নহয় বোলা সত্যটোত এটা সংশয় আছে, তাৰ লগতে দুয়োখন দেশৰেই জনসাধাৰণৰ মাজত ইজনৰ লগত সিজনৰ সম্পৰ্ক গঢ়ি উঠাৰ প্ৰচুৰ সম্ভাৱনা আছে। যদিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু শ্বেখ হাছিনাৰ প্ৰগতিশীল নেতৃত্বৰ অধীনত ভাৰত-বাংলাদেশ সম্পৰ্ক সম্প্ৰতি আটাইতকৈ শ্ৰেষ্ঠ হৈ আছে, তেওঁ দুয়োখন দেশকে আমনি কৰি থকা বিভিন্ন উত্তেজক যেনে- সন্ত্ৰাসবাদ আৰু দৰিদ্ৰতা আদি অপসাৰণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দিয়ে। তেখেতে প্ৰত্যেককে সোঁৱৰাই দিয়ে যে বাংলাদেশ, নেপাল, ভূটান আৰু উত্তৰ পূৰ্বাঞ্চলে সৃষ্টি কৰা ত্ৰিভূজটোৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলে পৃথিৱীৰ ভিতৰত আটাইতকৈ দুখীয়া অঞ্চল আৰু কিদৰে উমৈহতীয়া সম্পদ, আঞ্চলিক তথা মহাদেশীয় ৰাজপথেৰে যোগাযোগ ব্যৱস্থাক শক্তিশালী কৰা আৰু বিশেষ ৰূপে গঢ়ি তোলা, তেল সংযোগ, সামুদ্ৰিক বন্দৰ আৰু উপকূলৱৰ্ত্তী পৰিবহনৰ জৰিয়তে মুখামুখি হব পাৰি। তেওঁ পুনৰায় কয় যে বিশ্বাস আৰু সাৰ্বভৌমত্বৰ ভিত্তিত ভাৰত আৰু বাংলাদেশৰ মৈত্ৰী আৰু শান্তি তথা উমৈহতীয়া প্ৰগতিৰ বাবে বিশাল উচ্চাকাংশা আছে, যিয়ে সমস্ত পৃথিৱীৰ বাবে অনুকৰণৰ এক মানক প্ৰতিষ্ঠা কৰিব পাৰে।

            ইয়াৰ পিছৰ গৰাকী বক্তা ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক আৰু ইণ্ডিয়া ফাউণ্ডেশ্যনৰ সঞ্চালক শ্ৰী ৰাম মাধৱে প্ৰধানমন্ত্ৰীৰ মহান দৃষ্টি, ‘সকলোৰে সংগ, সকলোৰে বিকাশ’ স্পষ্ট কৰি কয় যে ইয়াত পূৰ্বৰ উন্নয়নৰ বাবে বাংলাদেশক সঁচা অৰ্থত এক অংশীদাৰ হিচাপে গণ্য কৰা হৈছে। তেওঁ দৃঢ়তাৰে কয় যে ভাৰতীয়সকলৰ বাবে গৰু এবিধ পৱিত্ৰ জন্তু হলেও তেওঁলোকৰ বাবে জীৱন পৱিত্ৰতম আৰু সেইবাবে তেওঁ তথাকথিত গো-ৰক্ষকসকলৰ দ্বাৰা মানুহ হত্যা কৰা কাৰ্যক গৰিহণা দিয়ে। যিদৰে ভাৰতীয়সকলে ২০১৯ চনৰ পাছতো বহু বছৰলৈ নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰতি তেওঁৰ সেৱা প্ৰদান কৰি থকাটো বিচাৰে, অনুৰূপ বাংলাদেশীসকলেও প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক দেশ সেৱাত ব্ৰত হোৱা বহু বছৰলৈকে চাবলৈ ভাল পাব বুলি তেওঁ আশা প্ৰকাশ কৰে। তেওঁ কয় যে কিদৰে শ্বেখ মুজিবুৰ ৰহমানে বাংলাদেশক এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে কল্পনা কৰিছিল আৰু তেখেতৰ সুযোগ্যা জীয়ৰী শ্বেখ হাছিনাই তেখেতৰ সপোন পূৰা কৰিবলৈ আটাইতকৈ ভাল সম্ভাৱ্য ধৰণেৰে যত্ন কৰি আছে। ভাৰতৰ পৰা বাংলাদেশলৈ সীমান্তৰ জীৱ-জন্তুৰ অবৈধ সৰবৰাহৰ সমস্যাৰ বিষয়ে উল্লেখ কৰি, তেখেতে এনে ধৰণৰ কাৰ্যকলাপসমূহ অনুসন্ধানৰ বাবে উপায় পৰিকল্পনা কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে হেঁচা প্ৰয়োগ কৰে। ধৰ্ম আৰু ধৰ্মীয় মৌলবাদৰ লগত জড়িত সমস্যাসমূহৰ বিষয়ে উল্লেখ কৰি তেখেতে কয় যে দুয়োখন চুবুৰীয়া দেশেই শক্তিশালী হাতেৰে এইসমূহ দমন কৰিব লাগিব। তেওঁ কয় যে যদিও সন্ত্ৰাসবাদৰ সৈতে যুঁজ দিয়া বা ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত ভাৰত আৰু বাংলাদেশে উমৈহতীয়া প্ৰান্তৰত উপনীত হৈছেহি তথাপি পানী ভাগ-বটোৱাৰাৰ দৰে কিছুমান সমস্যা অদ্যপি বুজাপৰালৈ আহিবলৈ বাকী আছে। পূৰ্বৱৰ্ত্তী চৰকাৰসমূহে দিয়া নিশ্চয়তাসমূহ প্ৰদান কৰিবলৈ ভাৰত চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি তেওঁ নিশ্চয়তা প্ৰদান কৰে। দুয়োখন দেশেই যে নিৰ্দিষ্ট কিছুমান আভ্যন্তৰীণ তথা বাহ্যিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আছে, সেই সত্যটোক স্বীকাৰ কৰি তেওঁ আশা প্ৰকাশ কৰে যে সন্ত্ৰাসবাদ আৰু ধৰ্মীয় মৌলবাদৰ দৰে প্ৰত্যাহ্বানৰ সন্মুখীন হৈও দুয়োখন দেশেই সমৰ্থন কৰা প্ৰমূল্যসমূহ যেনে- গণতন্ত্ৰ, ধৰ্মনিৰপেক্ষতা, শান্তিপ্ৰিয়তা আদিৰ পৰা যেন ই দুয়োখন দেশকেই একেলগে অগ্ৰগামী হোৱাটো সুনিশ্চিত কৰিব। তেওঁ আশা প্ৰকাশ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু শ্বেখ হাছিনাৰ নেতৃত্বত দুয়োখন ৰাষ্ট্ৰই শিক্ষা, স্বাস্থ্য আৰু বাণিজ্যৰ ক্ষেত্ৰত উন্নতিৰ নতুন শিখৰলৈ ধাৱিত হব আৰু পুনৰ তেওঁলোকৰ দ্বিপাক্ষিক চুক্তিসমূহ একীভূত কৰিব।

            অসম চৰকাৰৰ বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ বিদায়ী সম্বোধনত উপস্থিত দৰ্শকক সন্মিলনখনৰ প্ৰক্ৰিয়াটো আলোচিত হোৱা বিভিন্ন সমস্যাসমূহৰ বিষয়ে সোঁৱৰাই দিয়ে আৰু অনুষ্ঠানটি গুৱাহাটী মহানগৰীত অনুষ্ঠিত কৰা বাবে তেখেতৰ কৃতজ্ঞতা প্ৰকাশ কৰে। তেখেতে কয় যে বাংলাদেশৰ অবৈধ অনুপ্ৰৱেশকাৰীসকলৰ সমস্যাৰ বিষয়ে অসমৰ মানুহে কি অনুভৱ কৰে, তেওঁ যদি সেই বিষয়ে উল্লেখ নকৰে, তেন্তে তেখেতৰ কৰ্তব্য পিচ পৰি থাকিব। তেওঁ পুনৰ কয় যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সম্পূৰ্ণ হোৱাৰ লগে লগে সেই অবৈধ অনুপ্ৰৱেশকাৰীসকলক চিনাক্ত কৰা হব আৰু সমস্যাটো বাংলাদেশ চৰকাৰৰ সহযোগত ভাৰত চৰকাৰৰ দ্বাৰা বন্ধুত্বপূৰ্ণভাৱে মীমাংসা কৰা হব। আলফাকে ধৰি বিভিন্ন সন্ত্ৰাসবাদী সংগঠনৰ ভেঁটি পুলিয়ে-পোখাই উভালি উত্তৰ-পূবৰ ৰাজ্যসমূহত শান্তি আৰু শান্তিপূৰ্ণ সহাৱস্থান বাহাল ৰখাত অৰিহণা যোগোৱাৰ বাবে তেওঁ হাছিনা চৰকাৰৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ আৰু বাংলাদেশে সহযোগিতাৰ ভিত্তিত শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত বিশ্বমানৰ অনুষ্ঠান আৰু সা-সুবিধা গঢ়ি তুলিব পাৰে। তেওঁ পুনৰ কয় যে উত্তৰ- পূৰ্বাঞ্চললৈ ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সামগ্ৰীৰ বাংলাদেশৰ মাজেৰে পৰিবহন কৰিয়েই ঢাকাক লাভান্বিত কৰিব এনে নহয়, ইয়াৰ লগতে বাংলাদেশৰ সেৱা খণ্ডৰো উন্নতি সাধিব। ইয়াৰ ফলত পৰিবহন ব্যয় হ্ৰাস হৈ উত্তৰ পূৰ্বাঞ্চলৰো সেৱা লাভ হব।

            ত্ৰিপুৰাৰ সন্মানীয় ৰাজ্যপাল শ্ৰী তথাগতা ৰয়ে তেখেতৰ তথ্য-সমৃদ্ধ অধ্যক্ষীয় মন্তব্যত কয় যে বাংলাদেশ হল এখন এনে ৰাষ্ট্ৰ, যিখন ইয়াৰ ভাষিক পৰিচিতিৰ ভিত্তিত সৃষ্টি কৰা হৈছিল। তেখেতে সবিস্তাৰে কয় যে কিদৰে ভাৰত আৰু বাংলাদেশে কেৱল উমৈহতীয়া সংহতি, প্ৰমূল্য আৰু সভ্যতা ভগাই লোৱাই নহয়, আনকি দুয়োখন দেশৰেই ৰাষ্ট্ৰীয় সংগীত একেগৰাকী সাহিত্যৰ জ্ঞানময় ব্যক্তিৰ দ্বাৰা বিৰচিত হৈছে যি অলপ কথা নহয়। ১৯৭২ চনত কলিকতাৰ ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত বিশাল জনসমাবেশৰ সভাখনৰ কথা তেখেতে সোঁৱৰে, যত শ্বেখ মুজিবুৰ ৰহমানে বাংলাদেশক এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে কল্পনা কৰিছিল, যত সকলো ধৰ্মাৱলম্বীয়েই মুক্ততাৰে নিজৰ ধৰ্ম্মীয় বিশ্বাস চৰ্চা কৰিব পাৰিব। কিদৰে ধৰ্মীয় মৌলবাদল আৰু চৰমপন্থীসকলে হিন্দু মন্দিৰসমূহ ধ্বংস আৰু উত্সৱসমূহ উদযাপনত বাধাৰ সৃষ্টি কৰি ৰহমানৰ সপোনটোৰ ক্ষতি কৰিবলৈ চেষ্টা কৰি আছে, তাকে কৈ তেওঁ দুখ প্ৰকাশ কৰে যদিও সম্প্ৰতি বংগবন্ধুৰ জীয়ৰী শ্বেখ হাছিনাৰ নেতৃত্বত সংখ্যালঘুসকলে নিৰাপদ অনুভৱ কৰিছে আৰু তেওঁলোকৰ স্বাৰ্থ সুৰক্ষিত হৈছে।

            তেখেতে তেখেতৰ ব্যক্তিগত অভিমত প্ৰকাশ কৰি কয় যে আন্তৰ্জাতিক আইন অনুসৰি সকলো নামনি নদীতীৰৱৰ্ত্তী ৰাজ্যৰেই পানীৰ ওপৰত তেওঁলোকৰ নিজা অংশৰ স্বত্ব থাকিব আৰু ভাৰতে কেতিয়াও বাংলাদেশৰ পানীৰ অধিকাৰক অস্বীকাৰ কৰিব নোৱাৰে। তেওঁ অতি স্পষ্টভাৱে নিজৰ অভিব্যক্তি প্ৰকাশ কৰি কয় যে যদি ভাৰতে অনুভৱ কৰে যে পানীৰ বটোৱাৰাই, ভাৰতত পানীৰ নাটনিৰ সৃষ্টি কৰিব, তেতিয়া হলে সেই নাটনিও ভগাই লব পৰা যাব। কেৱল তিস্তা নদীৰ পানীৰ ভাগ-বটোৱাৰাই নহয়, বাংলাদেশলৈ বৈ যোৱা অন্য নদীসমূহৰ পানীৰ ভাগ-বটোৱাৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো তেওঁ গুৰুত্ব প্ৰদান কৰে তেখেতে তেখেতৰ আশংকা ব্যক্ত কৰি কয় যে যদিহে চীনে চিয়াং নদীৰ ওপৰত বান্ধ নিৰ্মাণ কৰে তেন্তে ই ভাৰতৰ বাবে ক্ষতিকাৰক হোৱাই নহয়, বাংলাদেশকো প্ৰভাৱিত কৰিব। তেখেতে কয় যে কাজি নজৰুল ইছলাম আৰু শ্যামা প্ৰসাদ মুখাৰ্জীৰ মাজৰ সম্পৰ্কই ভাৰত-বাংলাদেশৰ মাজৰ সম্পৰ্কত উপলব্ধিৰ ভেঁটি নিৰ্মাণ কৰিছে। পাকিস্তানী সেনাৰ নৰমহোৰৰ কাহিনী সুঁৱৰি তেখেতে মৌলবাদী শক্তিসমূহক দূৰৈত ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। তেখেতৰ সমৃদ্ধ বক্তৃতাত ভাৰতৰ পৰা বাংলাদেশলৈ বৈ যোৱা বিভিন্ন নদীসমূহ চিহ্নিত কৰিবলৈ তেখেতে চেষ্টা কৰে আৰু পানী ভাগ-বটোৱাৰাৰে দুয়োখন দেশ উপকৃত হোৱাৰ লগতে যোগাযোগ উন্নত হোৱাৰ নিশ্চয়তাৰ বাবে ইচ্ছা প্ৰকাশ কৰে। ১৫টা ভাষা জনা লেখক ছৈয়দ মুজতাবা আলীৰে পৰা কাজি নজৰুল ইছলামলৈকে বিভিন্নজনৰ সাহিত্য কৰ্মৰ বিষয়ে তেখেতে সবিস্তাৰে আলোচনা কৰে। তেখেতে স্বীকাৰ কৰে যে বাংলাদেশ চৰকাৰে তেওঁলোকৰ ভূমিখণ্ডক আলফাৰ দৰে সন্ত্ৰাসবাদী সংগঠনসমূহে আশ্ৰয়স্থল হিচাপে ব্যৱহাৰ কৰিব নোৱাৰে, তাক নিশ্চিত কৰিবলৈ ভাৰতবৰ্ষই আশা কৰাতকৈও অধিক কাৰ্য কৰিছে যেনে এনে ধৰণৰ সন্ত্ৰাসবাদী গোটসমূহক হাৰাশাস্তি কৰি বাংলাদেশৰ পৰা উলিয়াই পঠিওৱা হৈছে। যি নহলেও কিছুমান বাংলাদেশী সন্ত্ৰাসবাদীয়ে ভাৰতত আশ্ৰয়স্থল বিচাৰি পাইছে। অধিক মৈত্ৰী বান্ধোন সুনিশ্চিত কৰাৰ উদ্দেশ্যে বাংলাদেশী নাগৰিকসকলক তত্কালে ‘মেডিকেল ভিজা’ প্ৰদান কৰাৰ ক্ষেত্ৰত তেখেতে গুৰুত্ব আৰোপ কৰে।

            ইয়াৰ লগে লগে গুৱাহাটী ঘোষণাপত্ৰ গ্ৰহণ কৰা হয় আৰু অনুষ্ঠানটি পৰিসমাপ্তি হয়।

Downloads
TitleSizeDetail
REPORT OF EIGHTH ROUND OF INDIA BANGLADESH FRIENDSHIP DIALOGUE149.12 KBswf-image