মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ৰূপান্তৰণ আৰু উন্নয়ন বিভাগ ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰন আয়োগ

২০১৭-১৮ বিত্তীয় বৰ্ষৰ SITA ৰ কাৰ্য্যপঞ্জী

২০১৭-১৮ বিত্তীয় বৰ্ষৰ বাবে SITA ৰ কাৰ্য নিৰ্ঘণ্ট

  • প্ৰশাসনীয় পৰিষদৰ সভা অনুষ্ঠিত হব। তাৰ বাবে সন্মানীয় মুখ্যমন্ত্ৰীৰ পৰা সুবিধাজনক তাৰিখ এটাৰ বাবে অনুৰোধ কৰা হৈছে।
  • কেন্দ্ৰীয় নিকায়/কাৰ্যনিৰ্বাহক নিকায় গঠন, নৱনিযুক্ত সদস্যসকলৰ বাবে চৰ্তাৱলী তথা ওপৰঞ্চি সা-সুবিধা আদি নথিত প্ৰক্ৰিয়াকৰণ হৈ আছে। এখন কেবিনেট স্মাৰক-পত্ৰ দাখিল কৰা হব।
  • ভাৰত-বাংলাদেশ মৈত্ৰী সন্মিলনৰ পুস্তিকা প্ৰস্তুতকৰণ হৈ আছে। অনুৱৰ্ত্তী কাৰ্য সম্পন্ন কৰা হব।
  • SITAই আগশাৰীৰ নাগৰিকসকল বিভিন্ন ক্ষেত্ৰৰ তথা বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞসকল জড়িত কৰাই SITAৰ ভূমিকা সম্পৰ্কে আলোচনা কৰিবলৈ আগতে এখন দুদিনীয়া আলোচনাসভা/কৰ্মশালা পৰিচালনা কৰাৰ প্ৰস্তাৱ দিছে।
  • SITAই নিটি আয়োগ তথা অন্যান্য সংস্থাসমূহক সাঙুৰি ইয়াৰ নতুন ভূমিকা সম্পৰ্কে আলোচনা কৰিবলৈ ৰাষ্ট্ৰীয় পৰ্যায়ত এখন অভিৱৰ্তন অনুষ্ঠিত কৰিবলৈ মানস কৰিছে।
  • ৰাজ্যখনত অভিনৱ কাৰ্যকলাপসমূহক তুলি ধৰিবলৈ আৰু উত্সাহিত কৰিবলৈ SITAই ৰাজ্যিক উদ্ভাৱন বঁটা সৃষ্টি কৰিবলৈ মানস কৰিছে।
  • নিযুক্ত সদস্যসকলক লৈ সভা অনুষ্ঠিত হৈছে আৰু সমস্যাসমূহ আলোচনা কৰা হৈছে।
  • SITAৰ বাবে স্বাধীন ৱেবছাইটৰ বিন্যাস আৰম্ভ হৈছে।
  • অসমৰ তথ্য আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ সৈতে মন্ত্ৰণাৰ জৰিয়তে ৰাজ্যৰ নিজা অগ্ৰাধিকাৰ বিকাশ আঁচনিসমূহ, কেন্দ্ৰীয় খণ্ডৰ আঁচনিসমূহ, কেন্দ্ৰীয় পৃষ্ঠপোষকতাৰ আঁচনি আদিৰ পৰ্যবেক্ষণ আৰু মূল্যায়ন আৰু আঁচনিসমূহৰ ৰূপায়ণ, মোকলন, সময় অনুযায়ী সমাপন সুনিশ্চিতকৰণ আৰু ব্যৱহাৰৰ প্ৰমাণ-পত্ৰ দাখিল আদি পৰ্যবেক্ষণ কৰিবলৈ তথ্য আৰু প্ৰযুক্তিবিদ্যা ভিত্তিক এখন কেন্দ্ৰীয় মঞ্চ গঠন কৰিবলৈ কাম-কাজ চলাই থকা হৈছে।
  • তলত দিয়া বিষয়সমূহৰ ওপৰত অধ্যয়ন চলাই নিবলৈ কাম-কাজ চলাই থকা হৈছে।
  • অসমত দৰিদ্ৰতা – দৰিদ্ৰতাৰ ওপৰত বানপানীৰ প্ৰভাৱ, সমস্যা আৰু সমাধান
  • চাহ উদ্যোগৰ পুনৰুত্থান
    • চাহ উদ্যোগৰ ওপৰত বিশদ অধ্যয়ন
    • উদ্যোগৰ সৈতে সম্পৰ্কিত সমস্যাসমূহৰ চিনাক্তকৰণ
    • ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সমস্যাসমূহ
    • শ্ৰমিকৰ সমস্যাসমূহ
    • উপদেষ্টা/মন্ত্ৰণা ফাৰ্ম (Firm) /প্ৰান্ত বিশেষজ্ঞসকলকে ধৰি কাৰ্য দলসমূহৰ চুক্তিবদ্ধকৰণ
    • আলোচনা সভা অনুষ্ঠিতকৰণ
    • সংশ্লিষ্ট বিভাগৰ সৈতে মন্ত্ৰণা
    • চাহ প্ৰদৰ্শনী/পথ প্ৰদৰ্শনী
  • কৌশল বিকাশ
    • উপদেষ্টা/অধ্যয়ন গোটৰ চুক্তিবদ্ধকৰণ
    • কৌশল লভ্যতা/প্ৰয়োজনীয়তা/ৰাজ্যখনত ইয়াৰ পৰিসৰ সন্দৰ্ভত বিশদ অধ্যয়ন পৰিকল্পনা
    • আলোচনাসমূহ
    • PPP ধৰণে কৌশল কেন্দ্ৰসমূহ স্থাপন
  • ৰাজ্যখনৰ ৰুগীয়া উদ্যোগসমূহৰ পুনৰুত্থান
    • উপদেষ্টা/অধ্যয়ন গোট
    • ৰুগীয়া উদ্যোগসমূহৰ চিনাক্তকৰণ
    • বিশদ অধ্যয়ন
    • পুনৰুত্থানৰ বাবে পৰিকল্পনা/কৌশল
  •  ব্ৰহ্মপুত্ৰ নদীৰ বহনক্ষম ব্যৱস্থাপনা
    • উপদেষ্টা/অধ্যয়ন গোট
    • বিশদ অধ্যয়ন/ইতিমধ্যে সমাপন হোৱা অধ্যয়নসমূহৰ আলোচনা
    • বিভিন্ন জড়িত সংস্থাসমূহৰ সৈতে আলোচনা
  • কিছুমান সমাপন হোৱা আঁচনিৰ মূল্যায়ন তথা প্ৰভাৱৰ ওপৰত অধ্যয়ন চলোৱাৰ বাবে কাৰ্য
  • অধ্যয়নসমূহৰ প্ৰকাশ
  • ৰাজ্যখনত সকলো সা-সুবিধাৰ GPS চিহ্নিতকৰণৰ বাবে প্ৰস্তুতি। যিসমূহ বিভাগে ইতিমধ্যে এনে ধৰণৰ পদক্ষেপসমূহ হাতত লৈছে, সেইসমূহৰ সৈতে আলোচনা কৰা হব আৰু এই সকলোবোৰ কাৰ্যকলাপ SITAৰ দ্বাৰা কৰা হব।