মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ৰূপান্তৰণ আৰু উন্নয়ন বিভাগ ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰন আয়োগ

অসম মানৱ বিকাশ প্ৰতিবেদন

অসম মানৱ বিকাশ প্ৰতিবেদন ২০১৪

মূল কথা/সাৰাংশ/সংক্ষিপ্তসাৰ

বৈচিত্ৰ্যক পৰিচালনা কৰি, মানৱ বিকাশ প্ৰাপ্তি

এই প্ৰতিবেদনৰ বিশিষ্ট বৈশিষ্ট্যসমূহ

২০১৪ চনৰ অসম মানৱ বিকাশ প্ৰতিবেদনখনে ৰাজ্যখনৰ সৰ্বমুঠ মানৱ বিকাশৰ এটা বিস্তৃত পৰিদৃশ্য আগবঢ়াইছে। গতানুগতিকভাৱে জিলা ভিত্তিত মানৱ বিকাশৰ পৰিদৃশ্যসমূহ পৰ্যবেক্ষণ কৰাৰ গণ্ডীৰ বাহিৰলৈ গৈ মানৱ বিকাশৰ বিভিন্ন দিশৰ লাভালাভসমূহ গুণাগঁঠা কৰি তাৰ পৰিপ্ৰেক্ষিতলৈ ৰাজ্যখনৰ ভিতৰত থকা, আনকি কেতিয়াবা একোখন জিলাৰ ভিতৰতে দৃষ্টিগোচৰ হোৱা অসংখ্য বৈচিত্ৰ্যক সাঙুৰি অনাটোৱেই এই প্ৰতিবেদনৰ এক বিশেষ বৈশিষ্ট্য।

ৰাজ্যখনৰ ভৌগোলিক, সামাজিক, অৰ্থনৈতিক তথা আনুষ্ঠানিক ক্ষেত্ৰসমূহত থকা বৈচিত্ৰ্যতা আৰু সামূহিক মানৱিক বিকাশৰ লাভালাভৰ ওপৰত এইসমূহৰ প্ৰভাৱ সম্পৰ্কে এই প্ৰতিবেদনখনে বিশেষ আলোকপাত কৰিছে। ৰাজ্যখনত ভূ-স্থানিক বৈচিত্ৰ্যতাসমূহ কেৱল অদ্বিতীয়ই নহয়, প্ৰকৃতাৰ্থতে বিশাল, যাৰ ওপৰত প্ৰতিবেদনখনে যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে। বিশাল আন্তঃৰাষ্ট্ৰীয় তথা আন্তঃৰাজ্যিক সীমাৰেখাই ৰাজ্যখন চুই থকাৰ লগতে ইয়াত পাহাৰ-ভৈয়াম সকলো সমযোজিত হৈ আছে, ই পৌনঃপুনিকভাৱে প্লাৱন আৰু খহনীয়াৰ বলি হৈ আছে, ইয়াৰ আছে গুৰুত্বপূৰ্ণ কিছুমান নদীমাতৃক অঞ্চল, যি চৰ হিচাপে জনাজাত আৰু আছে প্ৰকাণ্ড চাহ বাগিচাসমূহ। বহুবাৰ নহলেও কেতিয়াবা এই ভূ-স্থানীয় বৈচিত্ৰ্যত সমূহ ওপৰা-উপৰিকৈ পৰিলক্ষিত হয়। ইয়াৰ উপৰিও বিভিন্ন অদ্বিতীয়ভাৱে উচ্চ তথা বিভিন্নতাৰে ভৰা সামাজিক ৰীতি-নীতিৰে ৰাজ্যখন হৈ পৰিছে জনসাংখ্যিকীয় বৈচিত্ৰ্যতাৰ এক অদ্বিতীয় ভঁৰাল। স্বায়ত্ত শাসিত পৰিষদসমূহৰে পৰা আৰম্ভ কৰি বিভিন্ন উন্নয়ন পৰিষদসমূহলৈকে নানা ধৰণৰ আকৰ্ষণীয় আনুষ্ঠানিক বিভিন্নতাও ৰাজ্যখনত বিদ্যমান। বিভিন্ন সম্প্ৰদায়ৰ স্বৰাজ তথা স্বায়ত্ত শাসনৰ বিভিন্ন দাবী পূৰণ কৰিবলৈ গৈ বিভিন্ন ৰাজনৈতিক প্ৰক্ৰিয়াৰ মাধ্যমেৰে এই ব্যাপক ধৰণৰ সংস্থাগত ব্যৱস্থাসমূহ গঢ় লৈ উঠিছে। সেয়েহে, এই প্ৰতিবেদনখনে আলোকপাত কৰিছে যে ৰাজ্যখনৰ বাসিন্দাসমূহৰ আপেক্ষিক সুবিধাসমূহ অতিকৈ পৃথক আৰু সেইবাবে এই বৈচিত্ৰ্যতাসমূহৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ বৈসাদৃশ্য সফলতাসমূহো উপলব্ধি কৰিব লাগিব। এইসমূহ কাৰণৰ বাবেই এই প্ৰতিবেদনখনক বৈচিত্ৰ্যক পৰিচালনা কৰি, মানৱ বিকাশ প্ৰাপ্তি হিচাপে নামাকৰণ কৰা হৈছে।

এই প্ৰতিবেদনখনৰ অন্য এটা মুখ্য দিশ হৈছে এয়াই যে মৌলিক তথ্যসমূহৰ ওপৰত ভিত্তি কৰি এইখন যুগুত কৰা হৈছে। উন্নয়নৰ মূল্যায়ন সন্দৰ্ভত ৰাজ্যখনত চলোৱা সমীক্ষাসমূহৰ ভিতৰত প্ৰকৃতাৰ্থতে এইটোৱেই হল আটাইতকৈ বৃহত্তম সমীক্ষা। এই সমীক্ষাৰ নমুনাকৃতি ৰাজ্যখনত NSSO ধৰণৰ সমীক্ষাৰ নমুনাকৃতিতকৈ প্ৰায় দহ গুণ আৰু ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাতকৈ প্ৰায় আঠগুণ বৃহত্। যেনে, এই প্ৰতিবেদনখনে শিশু পুষ্টি তথা ৰাজ্যিক আৰু উপ-ৰাজ্যিক স্তৰত স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত প্ৰাপ্তি সন্দৰ্ভত প্ৰথম বাৰৰ বাবে কিছু গণনা আগবঢ়াইছে। দ্বিতীয়তে, ইয়াৰ ফলত এই প্ৰতিবেদনখনে সংযুক্ত ৰাষ্ট্ৰ বিকাশ কাৰ্যক্ৰমৰ (UNDP, 2010) মানৱ বিকাশ নিৰ্ধাৰণৰ নতুন পদ্ধতিসমূহ গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। দেশখনৰ ভিতৰত এয়াই প্ৰথমবাৰৰ বাবে নতুন সংযুক্ত ৰাষ্ট্ৰ বিকাশ কাৰ্যক্ৰমৰ পদ্ধতি অনুসৰণ কৰি মানৱ বিকাশৰ প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে।

এই প্ৰতিবেদনখনৰ অন্য এক বিশেষ বৈশিষ্ট্য হৈছে ইয়াৰ বিশ্লেষণাত্মক অভিনৱত্ব। সংস্থাপনৰ লগত জড়িত তিনিটা আনুসংগিক দিশ যেনে- জীৱিকা, ভেদ্যতা আৰু ব্যক্তিনিষ্ঠ উন্নতিৰ বিষয়ে এই প্ৰতিবেদনখনে উনুকিয়াইছে। ইয়াৰ ভিতৰত প্ৰথম দুটিয়ে সুবিধা নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত সহায়ক জ্ঞান দিয়ে আৰু তৃতীয়টিয়ে সেই সুবিধাসমূহ উপভোগ কৰাৰ প্ৰক্ৰিয়াসমূহৰ সৈতে জড়িত হৈ থাকে। প্ৰতিবেদনখনত ব্যক্তিনিষ্ঠ উন্নতিৰ সূচীৰ অৱস্থিতিয়ে বিশ্লেষণখিনিক এক মূল্যবান মাত্ৰা প্ৰদান কৰিছে। এই প্ৰতিবেদনখনে ক্ষমতাৰ ব্যাপ্তিৰ ভিতৰত উন্নতিৰ ব্যক্তিনিষ্ঠ তথা বস্তুনিষ্ঠ দুয়োটা বিপৰীতধৰ্মী দিশৰেই অৱস্থান ঘটাই এটা গুৰুত্বপূৰ্ণ অভিনৱ প্ৰচেষ্টা চলাইছে। ইয়াৰ উপৰিও, প্ৰতিবেদনখন প্ৰস্তুতিকালত জড়িত হৈ থকা সহযোগাত্মক আৰু সহভাগী দৃষ্টিকোণেই হৈছে এটা অন্যতম প্ৰমাণস্বৰূপ।

গুৰুত্বপূৰ্ণ প্ৰাপ্তিসমূহ – 

এই প্ৰতিবেদনখনে অসমৰ মানৱ উন্নয়নৰ সূচাংকক ০.৫৫৭ স্থানত ৰখাৰ পৰা এয়াই আভাস পোৱা যায় যে ৰাজ্যখনৰ সম্পূৰ্ণ মানৱ বিকাশৰ হাৰে আকাংক্ষিত স্তৰৰ মাথোঁ অৰ্ধাংশ পথহে অতিক্ৰম কৰিছে। যি কি নহওক, ৰাজ্যখনৰ সম্পূৰ্ণ মানৱ বিকাশৰ হাৰে বিগত ১৫ বৰ্ষৰ ভিতৰত সুস্থিৰ আৰু অবিৰামভাৱে অগ্ৰগতি লাভ কৰিবলৈ ধৰা পৰিলক্ষিত হৈছে, যিটি কথা তলৰ আকৃতি ১ৰ পৰা প্ৰমাণিত হয়।

আকৃতি ১: অসমত মানৱ উন্নয়ন সূচকৰ ট্ৰেণ্ড(২০০১- ২০১৫)

উত্স : NHDR 2001, ASHDR 2003, NHDR 2011, AHSDR 2014

তাৰোপৰি, এয়া লক্ষ্যণীয় যে মানৱ উন্নয়নৰ তিনিওটা পৰিসৰ অৰ্থাত্ শিক্ষা, স্বাস্থ্য আৰু আয়ৰ ক্ষেত্ৰত সফলতাসমূহে মাথোঁ অৰ্ধ পথহে অতিক্ৰম কৰিছে, যত শিক্ষা খণ্ডই দুই-তৃতীয়াংশ, তাৰ পাছতহে স্থান লাভ কৰিছে যথাক্ৰমে স্বাস্য আৰু আয়ে যি হল, আকাংক্ষিত স্তৰৰ আধা। ইয়াৰ বাহিৰেও জিলা ভিত্তিত আৰু বিভিন্ন বৈচিত্ৰ্যতা ভিত্তিত সম্পূৰ্ণ আৰু মাত্ৰাযুক্ত সফলতা দুয়োটাৰ মাজৰেই বিস্তীৰ্ণ পাৰ্থক্য পৰিলক্ষিত হৈছে। সৰ্বমুঠ মানৱ উন্নয়নৰ সূচাংকৰ ওপৰত ভিত্তি কৰি প্ৰদান কৰা স্থানাংকতো HDI 0.703ৰে কামৰূপ মেট্ৰ’ জিলাই সৰ্বশ্ৰেষ্ঠ স্থান লাভ কৰাৰ বিপৰীতে, 0.655 HDIৰে যোৰহাট জিলাই দ্বিতীয় স্থান লাভ কৰিছে। মানৱ উন্নয়ন সূচাংকৰ আটাইতকৈ কম সংখ্যক মূল্যমান 0.437 প্ৰাপ্তিৰে তালিকাৰ শেষ স্থানত আছে হাইলাকান্দি জিলা।

আটাইতকৈ গুৰুত্বপূৰ্ম যে, জিলাসমূহৰ মানৱ উন্নয়ন সফলতাৰ চালিকা শক্তিসমূহৰ মাজত বৃহত্ তফাত্ পৰিলক্ষিত হৈছে। কামৰূপ মেট্ৰ’ৰ দৰে কিছু সংখ্যক জিলাত সম্পূৰ্ণ মানৱ উন্নয়ন সফলতাৰ স্তৰসমূহৰ প্ৰাথমিক চালিকা শক্তিয়েই হৈছে আয়ৰ মাত্ৰা, আনহাতে অন্য কিছুমান জিলাৰ যেনে- শিৱসাগৰৰ ক্ষেত্ৰত শিক্ষা, আনহাতে অন্য কিছুমান যেনে কামৰূপৰ ক্ষেত্ৰত স্বাস্থ্যকেই মূল চালিকা শক্তি হিচাপে চিহ্নিত কৰা হৈছে। এই কথাই স্পষ্টভাৱে নিৰ্দেশনা দিয়ে যে নীতিৰ মূল অভিকেন্দ্ৰ জিলাভিত্তিক পৰিকল্পনা যিয়ে ৰাজ্যখনত এক বিকেন্দ্ৰীভূত, পৃথক আৰু প্ৰয়োজনভিত্তিক উন্নয়নৰ পৰিকল্পনাৰ পোষকতা কৰে।

ৰাজ্যখনৰ মানৱ উন্নয়ন লাভালাভৰ উন্নতি সাধন কৰাৰ্থে এই প্ৰতিবেদনখনে স্পষ্টভাৱে বিভিন্ন ক্ষেত্ৰৰ অসমতাসমূহক ৰেখাংকিত কৰিছে আৰু সেইসমূহৰ প্ৰতিকাৰৰ বাবে হেঁচা প্ৰয়োগ কৰিচে। এইটো অনুমান কৰা হৈছে যে প্ৰায় এক-তৃতীয়াংশ (অৰ্থাত্ ৩০ শতাংশ) সম্ভাৱ্য মুঠ মানৱ উন্নয়ন, শিক্ষা, স্বাস্থ্য আৰু আয়ৰ সফলতাৰ ক্ষেত্ৰত পৰিব্যাপ্ত হৈ থকা প্ৰচলিত সমতাবোৰৰ বাবেই হেৰাই গৈছে। অসমতাৰ বাবে হোৱা এই লোকচানৰ হাৰ আয়ৰ ক্ষেত্ৰত আটাইতকৈ বেছি (প্ৰায় ৪৪ শতাংশ), তাৰ পাছতেই স্বাস্থ্য খণ্ডত (৩২ শতাংশ) আৰু তাৰ পাছত শিক্ষা খণ্ডত (৯ শতাংশ)। তাৰোপৰি জিলাভিত্তিক মাত্ৰাযুক্ত অসমতাসমূহৰ মাজত বৃহত্ তফাত্ পৰিলক্ষিত হৈছে।

ৰাজ্যখনৰ সৰ্বমুঠ মানৱ উন্নয়ন মানৱ উন্নয়নৰ সলতাৰ অগ্ৰগতিৰ অৰ্থে লিংগ বৈষম্য দূৰীকৰণৰ তাত্পৰ্যত প্ৰতিবেদনখন আলোকপাত কৰিছে। প্ৰতিবেদনখনৰ মতে মহিলাৰ সৰ্বমুঠ মানৱ উন্নয়নৰ হাৰ সাধাৰণতে পুৰুষতকৈ ১৪ শতাংস কম। তাৰোপৰি, প্ৰতিবেদনখনে প্ৰকাশ কৰা অনুসৰি মানৱ উন্নয়নৰ প্ৰধান মাত্ৰাসমূহ অৰ্থাত্ শিক্ষা, স্বাস্থ্য আৰু আয়ৰ ক্ষেত্ৰত পৰিলক্ষিত হোৱা লিংগ অসমতাৰ ফলত ৰাজ্যখনত সম্ভাৱ্য ৩৭ শতাংশ মানৱ উন্নয়ন হেৰাই গৈছে।

প্ৰতিবেদনখনে প্ৰকাশ কৰিছে যে ৰাজ্যখনৰ জনসংখ্যাৰ প্ৰায় এক-তৃতীয়াংশ লোক বহুমাত্ৰিক দুখীয়া অৰ্থাত্ মানৱ উন্নয়নৰ মাত্ৰাসমূহৰ এটাতকৈ অধিক মাত্ৰাত দুখীয়া। প্ৰতিবেদনখনে সেয়েহে আয়ৰ দাৰিদ্ৰ্যতাৰ বাহিৰেও এক বহল দৃষ্টিভংগীৰে বিশাল ঠাঁচৰ ভিতৰত দৰিদ্ৰতা চিহ্নিত কৰাৰ ওপৰত বেছি গুৰুত্ব আৰোপ কৰিছে।

প্ৰতিবেদনখনে ব্যক্তিৰ ব্যক্তিনিষ্ঠ উন্নয়নৰ এক সূচী প্ৰকাশ কৰিছে যিয়ে মানৱ উন্নয়নৰ গুৰুত্বপূৰ্ম প্ৰক্ৰিয়াসমূহৰ প্ৰতি মানুহৰ দৃষ্টিভংগীক প্ৰতিনিধিত্ব কৰিছে। দেখা গৈছে যে উন্নয়নৰ গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়াসমূহক লৈ প্ৰায় ৫৬.৪ শতাংশ ব্যক্তিয়ে হয়তো তীব্ৰভাবে নহয়তো মধ্যমভাৱে সন্তুষ্টি ব্যক্ত কৰিছে। সেয়া হলেও, জিলাসমূহৰ মাজত সন্তুষ্ট ব্যক্তিৰ সমানুপাতৰ ক্ষেত্ৰত বৃহত্ পাৰ্থক্য পৰিলক্ষিত হৈছে। যোৰহাট জিলাত সন্তুষ্ট ব্যক্তিৰ হাৰ ৮২.৪ শতাংশ হোৱাৰ বিপৰীতে মৰিগাঁও জিলাত মাথোঁ ১৮.১ শতাংহে পোৱা গৈছে। পৰিস্থিতি তথা পৰিৱেশ, সাংস্কৃতিক আৰু মনস্তাত্বিক ক্ষেত্ৰসমূহৰ লগত জড়িত বিভিন্ন দিশ, সন্তুষ্টিৰ চালিকাশক্তি হোৱাৰ বিপৰীতে শাসন, শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰই অসন্তুষ্টিৰ কাৰণ হোৱা পৰিলক্ষিত হৈছে।

প্ৰধান সমস্যা আৰু উদ্বিগ্নতাসমূহ – 

ৰাজ্যখনৰ সম্পূৰ্ণ মানৱ বিকাশৰ সফলতা প্ৰাপ্তিৰ ক্ষেত্ৰত থকা কিছুমান সমস্যা তথা উদ্বিগ্নতাত, প্ৰতিবেদনখনে আলোকপাত কৰিছে। প্ৰতিবেদনখনে প্ৰথমে ৰাজ্যখনৰ নিবনুৱা সমস্যাৰ পৰিদৃশ্যৰ সৈতে জড়িত উদ্বিগ্নতাসমূহক ৰেখাংকিত কৰিছে। ৰাজ্যখনৰ সৰ্বমুঠ নিবনুৱা (১৫-৫৯ বয়সৰ অন্তৰ্গত ব্যক্তিসকলৰ ভিতৰত নিয়োগৰ সুবিধা নোপোৱা লোকৰ শতকৰা)ৰ সংখ্যা প্ৰায় ১৩.৪ শতাংশ হিচাপে গণনা কৰা হৈছে পুৰুষৰ ক্ষেত্ৰত এই হাৰ ৮.০ শতাংশ হোৱাৰ বিপৰীতে তুলনামূলকভাৱে মহিলাৰ ক্ষেত্ৰত নিবনুৱাৰ হাৰ ৩৩.৯ শতাংশ পৰিলক্ষিত হৈছে। আনহাতে, যুৱ নিবনুৱাৰ সংখ্যা (১৫-২৪ শতাংশ) উচ্চ হাৰত, প্ৰায় ৩৭.৭ শতাংশ হোৱা দেখা গৈছে। ভৌগোলিক বিভিন্নতা ভিত্তি, আটাইতকৈ বেছি সংখ্যক নিবনুৱা চাহ বাগিচাসমূহত (১৫.৩ শতাংশ) আৰু বানাক্ৰান্ত অঞ্চলসমূহত (১৫.২ শতাংশ) পৰিলক্ষিত হৈছে।

অসংখ্য অসমতাৰ লগত জড়িত সমস্যা আৰু উদ্বিগ্নতাসমূহ প্ৰতিবেদনখনে পোহৰলৈ আনিছে। প্ৰতিবেদনখনৰ প্ৰাপ্তি অনুসৰি মানৱ উন্নয়নৰ লাভালাভৰ অসমতাৰ মূলতেই হল উত্পাদনশীল সম্পদ তথা মৌলিক সা-সুবিধাসমূহ ভোগৰ ক্ষেত্ৰত থকা অসমতা। ভূমি অধিকাৰৰ ক্ষেত্ৰত থকা অসমতাৰ ব্যাপ্তিৰ প্ৰমাণস্বৰূপ এক উদাহৰণ হল এয়াই যে সৰ্বমুঠ কৃষিযোগ্য ভূমিৰ ৭০ শতাংশ ভূমিয়েই সমাজৰ শীৰ্ষ ২০ শতাংশ ব্যক্তিয়ে অধিকাৰ কৰি থকাৰ বিপৰীতে অন্য ৮০ শতাংশ ব্যক্তিয়ে অৱশেষ ৩০ শতাংশ ভূমি অধিকাৰ ভগাই লবলগীয়া হৈছে। ফলস্বৰূপে, সৰ্বমুঠ উপভোগ ব্যয়ৰ ৪৫ শতাংশই শীৰ্ষ ২০ শতাংশ ব্যক্তিৰ ভাগত থকাৰ বিপৰীতে নিম্ন ২০ শতাংশই মাথোঁ ৮ শতাংশৰহে ভাগ মানৱ বিকাশৰ সফলতা প্ৰাপ্তিৰ বাবে সম্পদৰ আহৰণ ক্ষমতাৰ ক্ষেত্ৰত থকা মৌলিক অসমতাসমূহ প্ৰতিকাৰ কৰাটো আৱশ্যকীয়।

দাৰিদ্ৰ্য তথা দৈন্যতাৰ বহুমাত্ৰিক প্ৰকৃতিৰ ওপৰত প্ৰতিবেদনখনত গুৰুত্ব আৰোপ কৰা হৈছে। সেয়েহে মানৱ উন্নয়নৰ লাভালাভ বৃদ্ধি কৰাৰ্থে এই প্ৰতিবেদনখনে সকলো বিধৰ অভাৱ-অনাটনৰ স্বৰূপসমূহৰ সমাপ্তি ঘটাবলৈ যুক্তি প্ৰদৰ্শন কৰিছে।

এই ক্ষেত্ৰত প্ৰতিবেদনখনে ৰাজ্যখনৰ সম্পূৰ্ম মানৱাধিকাৰ বিকাশৰ বাবে শিক্ষাক ৰেখাংকিত কৰিছে। প্ৰতিবেদনখনে স্পষ্টভাৱে শিক্ষাৰ ক্ষেত্ৰত গুণাত্মক অগ্ৰগতিৰে সৈতে শিশুসকলে সৰ্বাধিক সময় স্কুলত অতিবাহিত কৰাত গুৰুত্ব আৰোপ কৰিছে। প্ৰতিবেদনখনে লক্ষ্য কৰিছে যে সকলো স্তৰতে, শিক্ষা আধাতে এৰি স্কুল ত্যাগ কৰা লৰা-ছোৱালীৰ সংখ্যা হ্ৰাস কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ।

  স্বাস্থ্য সন্দৰ্ভত, অন্যান্য কাৰণসমূহৰ ভিতৰত চাৰিটা অন্যতম সমস্যা আৰু উদ্বিগ্নতাক প্ৰতিবেদনখনে আলোকপাত কৰিছে। শিশু তথা প্ৰসূতি মাতৃৰ মৃত্যুৰ হাৰৰ পৰিদৃশ্যৰ বিকাশৰ অগ্ৰগতি বৃদ্ধিৰ প্ৰয়োজনীয়তাক প্ৰতিবেদনখনে বৰে বাৰে দোহাৰিছে। যি কি নহওক, এি সন্দৰ্ভত প্ৰতিবেদনখনে লক্ষ্য কৰিছে যে শিশুৰ মৃত্যুৰ হাৰৰ ক্ষেত্ৰত সামাজিক নিৰ্ধাৰক তথা এই সম্পৰ্কীয় অন্য দিশসমূহ নীতিৰ আওতালৈ আনিব লাগিব। সেইদৰে, প্ৰতিবেদনখনে লক্ষ্য কৰিছে যে মাথোঁ আনুষ্ঠানিক উপাদানসমূহত গুৰুত্ব প্ৰদান কৰিয়ে সম্ভৱতঃ প্ৰসূতি মৃত্যুৰ হাৰ ব্যাখ্যা কৰিব নোৱাৰি, তাৰ বাবে কিছুমান আনুষ্ঠানিক উপাদানকো নীতিসমূহে সাঙুৰি লব লাগিব। ৰাজ্যখনৰ সিশু পুষ্টিৰ পৰিদৃশ্যত প্ৰতিবেদনখনে খুব স্পষ্টকৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে। প্ৰতিবেদনখনৰ গণনা অনুযায়ী ৫ বছৰৰ ভিতৰৰ ৩৭.৪ শতাংশ শিশুৰেই ওজন প্ৰয়োজনতকৈ কম। এই কম ওজনৰ শিশুসকলৰ ভিতৰত অধিক সংখ্যকৰেই বয়স ২ বছৰৰ কম আৰু তেওঁলোকে গাঁও অঞ্চলত বাস কৰে। প্ৰতিবেদনখনে লক্ষ্য কৰিছে যে এইটো এটা গুৰুতৰ উদ্বিগ্নতা যত প্ৰজনন আৰু শিকশু স্বাস্থ, শিক্ষা নিয়োগ আৰু লিংগ বৈষম্যৰ লগত সম্পৰ্কিত বহুতো ওপৰা-ওপৰি সমস্যা নিহিত হৈ আছে। 

বিস্তীৰ্ণ বাৰ্তাসমূহ –

অৰ্থনৈতিক বিকাশক মানুহৰ জীৱন ধাৰণৰ উন্নতিৰ বাবে বৃহত্ মানৱ উন্নয়নৰ লাভালাভ তথা সফলতালৈ পৰিৱৰ্তিত কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে প্ৰতিবেদনখনত নিৰ্দেশ কৰা হৈছে। ইয়াৰ বাবে ৰাজ্যখনত বিদ্যমান হৈ থকা বিভিন্ন ধৰণৰ পাৰ্থক্যসমূহৰ পৰিচালনা আৰু বুজাবুজি হৈছে অতিকৈ গুৰুত্বপূৰ্ণ। প্ৰতিবেদনখনে যুক্ত প্ৰদৰ্শোৱা অধিক সফলতা লাভৰ বাবে তিনিটা কথা অতি গুৰুত্বপূৰ্ণ, সেয়া হল- লাভজনক নিয়োগ, গুণগত আৰু সাৰ্বজনীন শিক্ষা, গুণগত আৰু সাৰ্বজনীন স্বাস্থ্য সেৱা, যিয়ে বহল-ভিত্তিত আৰু সন্মিলিত অৰ্থনৈতিক বিকাশ ঘটায়। মানৱ বিকাশ বাহাল ৰাখিবলৈ মাথোঁ পৰিবেশনৰ বাহিৰা কাৰকসমূহৰ সতে মধ্যস্থতা কৰিলেই নহয়, লগতে সকলো ধৰণৰ দৈন্যতা তথা অসমতাক প্ৰতিৰোধ কৰিলেহে সেই নিশ্চয়তা আহিব। সঁচা অৰ্থত, মানৱ বিকাস প্ৰাপ্তি তথা ইয়াক সন্মিলিত ৰূপত বাহাল ৰখাৰ বাবে অসমতা দূৰীকৰণত প্ৰতিবেদনখনে গুৰুত্ব দিছে। ফলাফলৰ লগতে প্ৰক্ৰিয়াসমূহকো বিবেচনা কৰি প্ৰতিবেদনখনে এক মূল্য সংবৰ্ধন কৰিছে লগতে ফলাফলৰ বাবে প্ৰক্ৰিয়াৰ মহত্বৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। সেয়েহে ৰাজ্যখনত পাৰদৰ্শিতা, দায়বদ্ধতা আৰু গণতন্ত্ৰীকৰণৰ নীতিক ৰেখাংকিত কৰি প্ৰক্ৰিয়াসমূহ সঠিক ধৰণে সম্পন্ন হোৱাৰ, প্ৰতিবেদনখনে এক শক্তিশালী উদাহৰণ হৈ পৰিছে। এই ক্ষেত্ৰত, প্ৰতিবেদনখনে ইয়াৰ লগত জড়িত হৈ থকা বিভিন্ন প্ৰক্ৰিয়াত মানুহৰ প্ৰতিনিধিত্ব সুনিশ্চিত কৰি সন্মিলিত প্ৰতিষ্ঠানসমূহৰ বাবে হৈ পৰিছে এক শক্তিশালী উদাহৰণ।

এই প্ৰতিবেদনখনৰ ব্যাপক তথা বহল পৰিসৰৰ বাণী এয়াই যে ৰাজ্যখনৰ অদ্বিতীয় বিভিন্নতাৰ পৰা নিৰ্গত হোৱা বহু তৰপীয়া তথা বহুমুখী জটিলতালৈ লক্ষ্য ৰাখি কব পাৰি যে কোনো সাধাৰণ নীতিৰ গুচ্ছই ইয়াত সম্পূৰ্ণ মানৱ বিকাশ সাধন কৰিবলৈ সক্ষম নহব, বৰং ৰাজ্যখনলৈ উচ্চ স্তৰৰ মানৱ উন্নয়ন সাধনৰ উদ্দেশ্যে, প্ৰতিবেদনখনত উত্থাপিত সমস্যা তথা উদ্বিগ্নতাসমূহ সমাধানৰ বাবে কিছুমান বিশেষ তথা অভিকেন্দ্ৰিক নীতি যুগুতোৱাৰহে প্ৰয়োজন।      

অসম মানৱ বিকাশ প্ৰতিবেদন

Downloads
TitleSizeDetail
Summary HDR_0.pdf285.68 KBswf-image
FINAL Assam HDR 2014 Booklet4.7 MBswf-image